Show/Hide Keyboard Layout

আগুৱাই বল

- বিষ্ণুপ্ৰসাদ ৰাভা

আগুৱাই বল আগুৱাই বল

আগুৱাই বল সমনীয়া

হালোৱাৰ দল হজুৱাৰ দল

বনুৱাৰ দল অ’ ৰণুৱা ।

 

অহৰহ জ্বলে হৃদয়ৰ দুখৰে অগনি

পুৰে দুখীৰ পেটত লঘোণত ভোকৰে পোৰণি

ছিগি ভাগি শত যুগৰ শিকলি ৰান্ধনি

ৰণ দুন্দুভি বজাই যা যা আগুৱাই আগুৱা ।।

Hits: 2864